কুৱেটা (বেলুচিস্তান), ০৭ অক্টোবৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ খাৰাণ জিলাৰ আদালতৰ ভৱনত অস্ত্ৰধাৰীয়ে অগ্নিসংযোগ কৰাৰ লগতে ন্যায়াধীশ মহম্মদ জান বালুচক অপহৰণ কৰে। এই ঘটনাৰ দায়িত্ব এতিয়াও কোনেও স্বীকাৰ কৰা নাই। ইফালে পাকিস্তানী সেনাই এগৰাকী মহিলাসহ চাৰিজন লোকক অপহৰণ কৰিছে।
৬ অক্টোবৰত দ্য বেলুচিস্তান পোষ্ট (পাষ্টো ভাষা)ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি খৰাণৰ আদালতৰ ভৱনটো ঘেৰি ধৰি বৃহৎ সংখ্যক অস্ত্ৰধাৰী লোকে জুই লগাইছিল, তাৰ পিছত ন্যায়াধীশ জানক অপহৰণ কৰিছিল।লক্ষণীয় যে শেহতীয়াকৈ বেলুচিস্তানত চৰকাৰী জ্যেষ্ঠ বিষয়াৰ অপহৰণ বৃদ্ধি পাইছে।
ইয়াৰ পূৰ্বে কেচ জিলাৰ টাম্প অঞ্চলৰ উপ আয়ুক্ত আৰু জিয়াৰাট জিলাৰ উপ আয়ুক্তৰ পুত্ৰকো অপহৰণ কৰা হৈছিল। বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে ডেপুটি কমিছনাৰগৰাকীক অপহৰণ কৰাৰ দায়িত্ব স্বীকাৰ কৰে। পিছত তেওঁক মুকলি কৰি দিয়া হয়, আনহাতে জিয়াৰাটৰ উপায়ুক্তৰ পুত্ৰ সমিত এতিয়াও সন্ধানহীন হৈ আছে।
ইফালে পাকিস্তানী সেনাই খুজদাৰ জিলাৰ ঝাৰী তহচিলত সান্ধ্য আইন জাৰি কৰি সকলো প্ৰৱেশ-প্ৰস্থান পইণ্ট ছীল কৰি দিছে। এই তহচিলত বৰ্তমান নুৰগামা চহৰত বৃহৎ সংখ্যক পাকিস্তানী সৈন্য উপস্থিত আছে। পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ঘৰত অভিযান চলাই এগৰাকী মহিলাসহ চাৰিজন লোকক অপহৰণ কৰে। মহিলাগৰাকীৰ নাম ছাফিয়া বিবি, আনহাতে পুৰুষৰ নাম জাহিদ উল্ড আজিজ, আছিফ বালোচ আৰু আছাদ।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
