কুৱেটা (বেলুচিস্তান), ১০ অক্টোবৰ (হি.স.)। বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে যোৱা ৭ অক্টোবৰত বালঘাটাৰত পাকিস্তানী সেনাৰ শিবিৰত সংঘটিত হোৱা আক্ৰমণ সন্দৰ্ভত এক বিশদ বিবৃতি প্ৰকাশ কৰিছে। বিএলএফৰ মুখপাত্ৰ মেজৰ ঘোৰাম বালোচে কয় যে যোদ্ধাসকলে বালঘাটাৰত পাকিস্তানী সেনাৰ এটা চকী দখল কৰি ১৪ জন জোৱান নিহত কৰাৰ লগতে চাৰিজন জোৱানক আহত কৰিছিল। লগতে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামৰিক সঁজুলি জব্দ কৰে। এই মুক্তি আন্দোলনত ইয়াৰ কুৰবান ইউনিটৰ মুৰব্বী আব্দুল্লা দিয়াৰ ওৰফে সোঘাটে প্ৰাণ হেৰুৱাইছিল।
দ্য বেলুচিস্তান পোষ্ট (পাষ্টো ভাষা)ৰ মতে, বিএলএফৰ মুখপাত্ৰ মেজৰ ঘোৰাম বালোচে ৯ আগষ্টত এক বিশদ বিবৃতি প্ৰকাশ কৰে। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, ৭ অক্টোবৰৰ সন্ধিয়া ৫:০০ বজাত বালঘাটাৰ অঞ্চলৰ চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ কাষত অৱস্থিত পাকিস্তান সেনা চকীত ফ্ৰণ্টে আক্ৰমণ কৰে। তিনি ঘণ্টাৰো অধিক সময় ধৰি গধুৰ অস্ত্ৰৰে আক্ৰমণ অব্যাহত থাকে। যোদ্ধা সকলে সফলতাৰে চকীটো দখল কৰি অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামৰিক সামগ্ৰী জব্দ কৰে। এই সমন্বিত আক্ৰমণত পাকিস্তান সেনাবাহিনীৰ ১৪ জন জোৱান নিহত হোৱাৰ বিপৰীতে ৪ গুৰুতৰভাৱে আহত হয়।
তেওঁ কয় যে আউটপোষ্টটো দখল কৰাৰ পিছত আক্ৰমণস্থলীত বাহিনীক সহায় কৰিবলৈ পাঞ্জগুৰৰ পৰা চাৰিখন আৰ্মি কুইক ৰিয়েকচন ফৰ্চৰ বাহন প্ৰেৰণ কৰা হয়।
যোদ্ধাসকলে কুইক ৰিয়েকচন ফৰ্চক এম্বুছ কৰি পিছুৱাই যাবলৈ বাধ্য কৰে। যোদ্ধা সকলে দুখন কোৱাডকপ্টাৰ আৰু এটা ড্ৰোন কেমেৰাও গুলীয়াই ভূপাতিত কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে বলপূৰ্বকভাৱে বেলুচিস্তান দখল কৰা পাকিস্তান সেনাই ইমানেই মানসিকভাৱে পৰাস্ত হৈছে যে তেওঁলোকে নিজৰ মৃত জোৱানসকলক স্বীকাৰ কৰিবলৈ অনিচ্ছুক। তেওঁ কয় যে এই আক্ৰমণৰ দায়িত্ব ফ্ৰণ্টে গ্ৰহণ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
