নতুন দিল্লী, ২৭ আগষ্ট (হি.স.)। গণেশ চতুৰ্থীৰ বন্ধৰ বাবে আজি (বুধবাৰ) ঘৰুৱা শ্বেয়াৰ বজাৰত কোনো ধৰণৰ ব্যৱসায় নহয় যদিও বিশ্ব বজাৰৰ কথা ক’লে মিশ্ৰিত ধাৰা দেখা যায়। যোৱা অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰসমূহ শক্তিশালীভাৱে বন্ধ হৈ পৰে। আজি ডাউ জ’নছ ফিউচাৰ্ছেও লাভৰ সৈতে ব্যৱসায় কৰা দেখা গৈছে। যোৱা অধিবেশনত ইউৰোপৰ বজাৰসমূহত অবিৰত হেঁচা দেখা গৈছিল, আনহাতে এছিয়াৰ বেছিভাগ বজাৰতে আজি লঘু ক্ৰয় দেখা গৈছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত আঠটা বজাৰৰ সূচকাংকই সেউজ মাৰ্কত শক্তিশালীভাৱে ব্যৱসায় কৰি আছে, আনহাতে এটা সূচকাংক হ্ৰাসৰ সৈতে ৰঙা মাৰ্কত আছে।
এছিয়াৰ বজাৰত বিক্ৰীৰ চাপ কেৱল গিফ্ট নিফ্টীতেই আছে। বৰ্তমান গিফ্ট নিফটিৰ মূল্য ০.৩১ শতাংশ হ্ৰাস পাই ২৪,৬২০.৫০ পইণ্টত ব্যৱসায় কৰা হৈছে। এছিয়াৰ বাকী বজাৰসমূহৰ কথা ক’বলৈ গ’লে জাপানৰ নিকেই সূচকাংক ১১০.৬০ পইণ্ট অৰ্থাৎ ০.২৬ শতাংশ বৃদ্ধিৰে ৪২,৫০৫ পইণ্টত ব্যৱসায় কৰি আছে। একেদৰে ছিংগাপুৰৰ ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.১৫ শতাংশ বৃদ্ধিৰে ৪২৫০.১৮ত উপনীত হৈছে। টাইৱানৰ টাইৱান ৱেইটেড ইনডেক্সে আজি ভাল লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এই সূচকাংক ২১৪.৫৬ পইণ্ট অৰ্থাৎ ০.৮৮ শতাংশ জপিয়াই ২৪,৫১৯.৬৬ পইণ্টৰ স্তৰত উপনীত হৈছে।
একেদৰে চীনৰ চাংহাই কম্পোজিট সূচকাংক ০.৩৩ শতাংশ জঁপিয়াই ৩,৮৮১.০৭ পইণ্ট, থাইলেণ্ডৰ ছেট কম্পোজিট সূচকাংক ০.২৮ শতাংশ বৃদ্ধি পাই ১,২৫৪.৭৫ পইণ্ট, ইণ্ডোনেছিয়াৰ জাকাৰ্টা কম্পোজিট সূচকাংক ০.২৫ শতাংশ শক্তিশালী হৈ ৭,৯২৫.৫৬ পইণ্ট, দক্ষিণ কোৰিয়াৰ কস্পি সূচকাংক সামান্যভাৱে ০.০৩ শতাংশ বৃদ্ধি পাই ৩,১৮০.১৬ পইণ্ট আৰু হংকঙৰ হাং চেং সূচকাংক ০.০৩ শতাংশ জপিয়াই ২৫,৫৩৩ পইণ্টত ব্যৱসায় কৰে।
ইউৰোপীয় বজাৰৰ কথা ক’বলৈ গ’লে যোৱা অধিবেশনৰ সময়ত ইউৰোপীয় বজাৰসমূহত বিক্ৰীৰ হেঁচা দেখা গৈছিল। নিশাটোৰ ভিতৰতে ব্ৰিটেইনৰ এফ টি এছ ই সূচকাংক ০.৬০ শতাংশ হ্ৰাস পাই ৯,২৬৫.৮০ পইণ্টত বন্ধ হয়। একেদৰে জাৰ্মানীৰ ডিএএক্স সূচকাংকই যোৱা অধিবেশনৰ ব্যৱসায়ৰ অন্ত পেলাই ১২০.২৫ পইণ্ট অৰ্থাৎ ০.৫০ শতাংশ হ্ৰাস পাই ২৪,১৫২.৮৭ পইণ্টত। ইয়াৰ উপৰিও ফ্ৰান্সৰ চিএচি সূচকাংক ১৩৩.২৩ পইণ্ট অৰ্থাৎ ১.৭৩ শতাংশ দুৰ্বলতাৰে ৭,৭০৯.৮১ত বন্ধ হয়।
আমেৰিকাৰ বজাৰৰ কথা ক’বলৈ গ’লে যোৱা অধিবেশনৰ সময়ত ইয়াত ক্ৰয়ৰ ধাৰা আছিল। যোৱা অধিবেশনত ০.৪১ শতাংশ জঁপিয়াই এছ এণ্ড পি ৫০০ সূচকাংক ৬,৪৬৫.৯৪ত বন্ধ হয়। একেদৰে নাছডাকে যোৱা অধিবেশনৰ ব্যৱসায় ২১,৫৪৪.২৭ পইণ্টত ৯৪.৯৮ পইণ্ট অৰ্থাৎ ০.৪৪ শতাংশ বৃদ্ধিৰে সমাপ্ত কৰে। ইয়াৰ উপৰিও আজি ০.০৮ শতাংশ বৃদ্ধিৰে ডাউ জ’নছ ফিউচাৰছৰ মূল্য বৰ্তমান ৪৫,৪৫৪.৭৬ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
