
-০১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব
ৱাশ্বিংটন, ০৮ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে ঘোষণা কৰে যে ২০২৫ চনৰ ০১ আগষ্টৰ পৰা জাপান আৰু দক্ষিণ কোৰিয়াৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ২৫ শতাংশ আমদানি শুল্ক (কৰ) আৰোপ কৰা হ’ব। হোৱাইট হাউছে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিৰ পিছতে এই পদক্ষেপ লোৱা হৈছে যে দুয়োখন দেশৰ “অন্যায্য বাণিজ্য নীতি” আৰু আমেৰিকাৰ সৈতে তেওঁলোকৰ ধাৰাবাহিক বাণিজ্যিক ঘাটিৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত শ্বেয়াৰ কৰা চিঠিৰ জৰিয়তে জাপানৰ প্ৰধানমন্ত্ৰী ইছিবা শ্বিগেৰু আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুঙক নতুন শুল্কৰ বিষয়ে অৱগত কৰে। তেওঁ সকীয়াই দিয়ে যে যদি এই দেশসমূহে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধমূলক শুল্ক আৰোপ কৰে তেন্তে আমেৰিকাই তেওঁলোকৰ ২৫% শুল্কত তেওঁলোকে বৃদ্ধি কৰা একে শতাংশ শুল্ক যোগ কৰিব।
ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে আমেৰিকাৰ বিত্তীয় বজাৰত আলোড়নৰ সৃষ্টি হয়। আমেৰিকাৰ শ্বেয়াৰ বজাৰতো অৱনমন দেখা গৈছে। ইয়াৰ বাবে ডাউ জ’নছ ঔদ্যোগিক গড় ৪৪৭ পইণ্ট (১%) হ্ৰাস পাইছে। একে সময়তে এছ এণ্ড পি ৫০০ৰ ০.৮% আৰু নাছডাক কম্পোজিটৰ ০.৯% হ্ৰাস পাইছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰেৰণ কৰা পত্ৰসমূহে স্পষ্ট কৰি দিয়ে যে এই ২৫% শুল্ক খণ্ড নিৰ্দিষ্ট শুল্কৰ পৰা পৃথক। তেওঁ ট্ৰেন্সশ্বিপমেণ্ট (মধ্যৱৰ্তী দেশসমূহৰ জৰিয়তে সামগ্ৰী প্ৰেৰণৰ প্ৰক্ৰিয়া)ৰ জৰিয়তে শুল্ক পৰিহাৰ কৰাৰ যিকোনো প্ৰচেষ্টাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে দীৰ্ঘদিন ধৰি আমেৰিকাৰ বাণিজ্যিক ঘাটিক লৈ সৰৱ হৈ আহিছে। ২০২৪ চনত আমেৰিকাই জাপানৰ সৈতে ৬৮.৫ বিলিয়ন ডলাৰ আৰু দক্ষিণ কোৰিয়াৰ সৈতে ৬৬ বিলিয়ন ডলাৰৰ বাণিজ্যিক ঘাটি ৰেকৰ্ড কৰিছিল। ট্ৰাম্পৰ মতে এই ঘাটি এই দেশসমূহে আমেৰিকাৰ সৈতে অন্যায় বাণিজ্যিক আচৰণৰ প্ৰমাণ।
অৱশ্যে ট্ৰাম্পে ইংগিত দিয়ে যে যদিহে দুয়োখন দেশেই নিজৰ শুল্ক আৰু অশুল্ক বাণিজ্যিক বাধাৰ অন্ত পেলায় তেন্তে আমেৰিকাই এই সিদ্ধান্ত “সম্ভাৱ্যভাৱে সলনি” কৰিব পাৰে। তেওঁৰ পত্ৰখনত লিখা আছে, আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অনুসৰি এই শুল্কসমূহৰ উঠা-নমা হ’ব পাৰে। আপুনি কেতিয়াও আমেৰিকাৰ প্ৰতি হতাশ নহ’ব।
উল্লেখযোগ্য যে ২০২৫ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰপতি ট্ৰাম্পে কেইবা ডজন দেশৰ বাবে “পাৰস্পৰিক শুল্ক” (ৰিছিপ্ৰোকল টেৰিফ) ঘোষণা কৰিছিল, য’ত জাপানৰ ওপৰত ২৪% আৰু দক্ষিণ কোৰিয়াৰ ওপৰত ২৫% শুল্ক নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু বজাৰত বৃহৎ অস্থিৰতাৰ পিছত ০৯ এপ্ৰিলত ৯০ দিনৰ বাবে এই শুল্ক ১০% লৈ হ্ৰাস কৰা হয়। এতিয়া এই হাৰ পুনৰ কাৰ্যকৰী কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
