ছিংগাপুৰ, ২৫ অক্টোবৰ (হি.স.)। ছিংগাপুৰ ৰাজ্যিক আদালতে শুকুৰবাৰে নৰ্থ ব্ৰীজ ৰোডৰ প্ৰতিষ্ঠিত ৰেফেলছ হাস্পতালত ষ্টাফ নাৰ্ছ হিচাপে কৰ্মৰত এজন ভাৰতীয় নাগৰিকক দোষী সাব্যস্ত কৰে। ৰাজ্যিক আদালতে ৩৪ বছৰীয়া ভাৰতীয় নাগৰিক এলিপে শিৱ নাগুক এবছৰ দুমাহ কাৰাদণ্ড আৰু দুবাৰ বেত্ৰাঘাতৰ শাস্তি প্ৰদান কৰে।
দ্য ষ্ট্ৰেইটছ টাইমছৰ এক প্ৰতিবেদন অনুসৰি ২১ জুনত দাখিল কৰা গোচৰটোৰ সন্দৰ্ভত বিচাৰক প্ৰতিনিধিত্ব কৰা উপ-পাব্লিক প্ৰচিকিউটৰ ইউজিন ফুয়াই এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে দুদিন পিছতে নগুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁ কয় যে পীড়িতাগৰাকীয়ে যোৱা ১৮ জুনত চিকিৎসালয়ত দদায়েকক লগ কৰিবলৈঢ গৈছিল। প্ৰায় ৭:৩০ বজাত তেওঁ শৌচাগাৰলৈ যায় আৰ এলিপে ভিতৰলৈ জুমি চাইছিল। ফুয়াৰ মতে, এলিপে ভুক্তভোগীৰ হাতত বীজাণুনাশ কৰাৰ অজুহাতত চাবোন লগাইছিল আৰু নিৰ্যাতন চলায়।
নিৰ্যাতনৰ কাণ্ডৰ কথা প্ৰকাশ পোৱাৰ পিছতে উপ-পাব্লিক প্ৰচিকিউটৰ ইউজিন ফুয়াই তৎক্ষণাত অভিযুক্তক নিলম্বন কৰে। এই অনুচিত ঘটনাত স্তম্ভিত হৈ ভুক্তভোগীয়ে শৌচাগাৰৰ পৰা ওলাই আহি পোনে পোনে দদায়েকৰ ওচৰলৈ গ’ল, কি হৈছিল সেই কথা ক’লে। ইয়াৰ পিছতে এই ঘটনা চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰ পায়গৈ। আদালতে ৰায়দান কৰাৰ পিছতে ভুক্তভোগীৰ বয়স আদি অন্যান্য সবিশেষ উল্লেখ কৰাৰ পৰা বিৰত থাকে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
