টেল আভিভ, ২২ নৱেম্বৰ (হি.স.)। ইজৰাইল-হামাছৰ সংঘাতৰ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱত বুধবাৰে ইজৰাইলৰ সংসদে অনুমোদন জনায়। ইজৰাইলৰ ৫০ জন পণবন্দীক মুকলি কৰি দিয়াৰ বিনিময়ত চাৰিদিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ গৃহীত কৰা হৈছে। যিসকল পণবন্দীক মুকলি কৰি দিয়া হ’ব তেওঁলোক হ’ব মহিলা আৰু শিশু।
ইজৰাইল চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যুদ্ধবিৰতি চুক্তি অনুসৰি গাজাপট্টীত ৰখা প্ৰায় ২৪০ জন পণবন্দীৰ ভিতৰত হামাছে চাৰি দিনৰ ভিতৰত ৫০ জন লোকক মুকলি কৰি দিব লাগিব। বুধবাৰে পুৱা এই প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পূৰ্বে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে যুদ্ধবিৰতি শেষ হোৱাৰ পিছত ইজৰাইলে পুনৰ হামাছৰ বিৰুদ্ধে আক্ৰমণাত্মক অভিযান চলাব।
হিব্ৰু সংবাদ মাধ্যমৰ মতে, হামাছে মুকলি কৰি দিয়া পণবন্দীসকলৰ ভিতৰত ৩০টা শিশু আৰু ২০গৰাকী মহিলাও আছে। প্ৰতিদিনে ১২-১৩ জনীয়া গোটত মুকলি কৰা হ’ব। ইজৰাইলে ১০ জনীয়া প্ৰতিটো পণবন্দী গোটক মুকলি কৰি দিয়াৰ বিনিময়ত এদিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিব। নিউয়ৰ্ক টাইমছৰ মতে, এই যুদ্ধবিৰতিৰ খচৰাত ইজৰাইলে ১৫০ জন পেলেষ্টাইনী বন্দীকো মুকলি কৰি দিব, য’ত মহিলা আৰু শিশুক অগ্ৰাধিকাৰ দিয়া হ’ব।
অৱশ্যে হামাছৰ সৈতে যুদ্ধবিৰতিৰ অনুমোদনৰ তীব্ৰ বিৰোধীতিাও আৰম্ভ হৈছে। জেৰুজালেম পোষ্টৰ তথ্য অনুসৰি ৭ অক্টোবৰত হামাছৰ আক্ৰমণত নিহত ইজৰাইলৰ নাগৰিকৰ পৰিয়ালে কয় যে কোনো মূল্যৰ বিনিময়ত সন্ত্ৰাসবাদীক মুকলি কৰি দিয়া উচিত নহয়। আজি যদি আমি তেওঁলোকৰ সন্মুখত নতশিৰ হও, তেন্তে ভৱিষ্যতে তেওঁলোকে যে আমাক আক্ৰমণ নকৰিব তাৰ নিশ্চয়তা কি?
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ
