ঢাকা, ১৯ ডিছেম্বৰ (হি.স.)। বাংলাদেশৰ ৰাজধানী ঢাকাৰ তেজগাঁৱত দুষ্কৃতিকাৰীয়ে যাত্ৰীবাহী ৰে’লত অগ্নিসংযোগ কৰে। অগ্নিকাণ্ডত তিনিটা বগী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে জ্বলি যোৱাৰ ফলত এটি শিশুসহ চাৰিজন লোকৰ মৃত্যু হয়।
বাংলাদেশৰ আগশাৰীৰ কাকত ঢাকা ট্ৰিবিউনে নিজৰ ৱেবছাইটত এই ঘটনাৰ চমু বিৱৰণ শ্বেয়াৰ কৰিছে। কাকতখনৰ তথ্য অনুসৰি মঙলবাৰে পুৱা ৰাজধানীৰ তেজগাঁও ৰে’ল ষ্টেচন এলেকাত ঢাকা অভিমুখী মহনগঞ্জ এক্সপ্ৰেছ ৰে’লত অগ্নিসংযোগৰ ফলত এটি শিশুসহ কমেও চাৰিজন লোকৰ মৃত্যু হয়। অগ্নিনিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষা মুখ্য কাৰ্যালয়ৰ মিডিয়া চেলৰ উপ সহকাৰী সঞ্চালক শ্বাহজাহান ছিকদাৰে নিশ্চিত কৰিছে যে পুৱা প্ৰায় ৫:০৪ বজাত ৰে’লখনৰ তিনিটা ডবাত অগ্নিসংযোগ কৰা হয়।
তেওঁ কয় যে এই তথ্য লাভ কৰাৰ পিছতে তেজগাঁও অগ্নিনিৰ্বাপক বাহিনীৰ তিনিটা অগ্নিনিৰ্বাপক বাহিনীৰ ইউনিটে সেই স্থানত উপস্থিত হৈ পুৱা প্ৰায় ৬:৪৫ বজাত জুই নিয়ন্ত্ৰণলৈ আনে। বিষয়াগৰাকীয়ে কয় যে তেওঁলোকে এটা দবাৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰে। ডি এম চি এইচৰ আৰক্ষী শিবিৰৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বচ্চু মিয়াই জানিবলৈ দিয়া মতে, নিহতসকলৰ ভিতৰত দুজন লোকৰ নাম ৩৫ বছৰীয়া নাদিৰা আখতাৰ পপি আৰু তেওঁৰ তিনি বছৰীয়া পুত্ৰ ইয়াছিন বুলি পৰিচয় পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
