নতুন দিল্লী, ২৫ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে। আজি একেৰাহে ষষ্ঠ দিনৰ বাবে হ্ৰাস পালে সোণৰ মূল্য। আজিৰ ব্যৱসায়ত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৫০ টকাৰ পৰা ৭১০ টকাৰ ভিতৰত হ্ৰাস পাইছে। ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত ৪ হাজাৰ টকা হ্ৰাস পাইছে।
এই মূল্য হ্ৰাসৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,৩৬০ টকাৰ পৰা ১,২৪,৫১০ টকাৰ ভিতৰত ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,১৩,৯৯০ টকাৰ পৰা ১,১৪,১৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ বুলিয়নৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,৫৪,৯০০ টকাত বিক্ৰী হৈছে।
দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,৫১০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৪,১৪০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৪,৩৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৩,৯৯০ টকা। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,৪১০ টকা আৰু ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৪,০৪০ টকা ।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৪,৩৬০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,১৩,৯৯০ টকাত বিক্ৰী হৈছে। কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,৩৬০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ১,১৩,৯৯০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৪,৫১০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণ ১,১৪,১৪০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,২৪,৪১০ টকা, আনহাতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৪,০৪০ টকা। জয়পুৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,২৪,৫১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৪,১৪০ টকা হাৰত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,৩৬০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ ১০ গ্ৰামত ১,১৩,৯৯০ টকাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
