নতুন দিল্লী, ২৫ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ তিনিটা স্থানত নিৰ্বাচনী প্ৰচাৰ চলাব। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁ খগড়িয়া, মুংগেৰ আৰু নালন্দাত এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভাত ভাষণ দিব। বিজেপিয়ে দলটোৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ বিহাৰ ভ্ৰমণৰ সূচী নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে দিনৰ ১২:৪৫ বজাত খগড়িয়াৰ জননায়ক কাৰ্পুৰী ঠাকুৰ খেলপথাৰত এখন ৰাজহুৱা সভাত ভাষণ দিব । তাৰ পৰা তেওঁ মুংগেৰলৈ আগবাঢ়িব। দুপৰীয়া ২:১৫ বজাত মুংগেৰৰ নৌগড়ী হাইস্কুল খেলপথাৰত তেওঁৰ ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। শ্বাহে নালন্দাত ভ্ৰমণৰ সামৰণি মাৰিব, য’ত তেওঁ সূৰ্যাস্তৰ পূৰ্বে বিয়লি ৩:৪৫ বজাত শ্ৰমিক কল্যাণ খেলপথাৰত ৰাজহুৱা সভাত ভাষণ দিব।
বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত শ্বাহে মহামৰ্চাৰ নেতাসকলক তীব্ৰ সমালোচনা কৰি আহিছে। যোৱা কালি শুকুৰবাৰে ৰাজ্যৰ এখন ৰাজহুৱা সভাত তেওঁ ৰাষ্ট্ৰীয় জনতা দলৰ নেতা লালু প্ৰসাদ যাদৱৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ কয় যে ছাহাবুদ্দিনৰ পুত্ৰক টিকট দি লালু যাদৱে প্ৰমাণ কৰিছে যে তেওঁ বিহাৰত জংগলৰাজ ঘূৰাই আনিব বিচাৰে। ৭৫টা জঘন্য হত্যাকাণ্ডৰে ছিৱানৰ মাটি তিয়াই পেলোৱা ছাহাবুদ্দিনৰ পুত্ৰক টিকট দি তেওঁ ৰাইজক ভয় খুৱাব বিচাৰিছে। ইয়াৰ পৰা দেখা যায় যে মহামৰ্চাই বিহাৰক জংগলৰাজৰ দিশে লৈ যাব বিচাৰিছে। ভাৰতীয় অসামৰিক সেৱা ত্যাগ কৰা আনন্দ মিশ্ৰক টিকট দি বিহাৰক সুশাসনৰ দিশে লৈ গৈছে এন ডি এ মিত্ৰজোঁটে।
हिन्दुस्थान समाचार / অৰৱিন্দ
