
জেনেভা, ২৪ নৱেম্বৰ (হি.স.)। দেওবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ইউক্ৰেইনৰ বিষয়াসকলৰ সৈতে জেনেভা আলোচনাক আজিলৈকে হোৱা আটাইতকৈ অৰ্থপূৰ্ণ আৰু উৎপাদনশীল বৈঠক বুলি অভিহিত কৰে। ৰুবিঅ’ই কয় যে দুয়োপক্ষৰ মাজত হোৱা আলোচনা গঠনমূলক আছিল আৰু শান্তি পৰিকল্পনাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে।
ৰাছিয়াক ৰেহাই দিয়াৰ বাবে আমেৰিকাত সমালোচনাৰ সন্মুখীন হোৱা প্ৰশাসনৰ ২৮ দফীয়া শান্তি পৰিকল্পনাৰ পক্ষ লয় ৰুবিঅ’ই। খচৰা অনুসৰি এই পৰিকল্পনাত ইউক্ৰেইনে কিছুমান ভূখণ্ড ৰাছিয়াক অৰ্পণ কৰা, নাটোত যোগদানৰ আকাংক্ষা পৰিত্যাগ কৰা আৰু সৈন্যৰ আকাৰ সীমিত কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ পিছতো ৰুবিঅ’ই ইয়াক “উৎকৃষ্ট উপস্থাপন” বুলি অভিহিত কৰি কয় যে এই পৰিকল্পনা সংশ্লিষ্ট সকলো পক্ষৰ ইনপুটৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। তেওঁ কয় যে আমেৰিকা আৰু ইউক্ৰেইনৰ প্ৰতিনিধিয়ে পৃথক পৃথক কাৰিকৰী বৈঠকত পৰিকল্পনাৰ সালসলনিৰ কাম কৰি আছে যাতে মতানৈক্য আৰু অধিক সংকুচিত হয়।
ৰুবিঅ’ৰ মতে, এই পৰিকল্পনা চূড়ান্ত কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি দুয়োৰে অনুমোদনৰ প্ৰয়োজন হ’ব। তেওঁ আস্থা প্ৰকাশ কৰে যে জেনেভা আলোচনাত যি অগ্ৰগতি লাভ কৰা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োজন নেতাৰ অনুমোদন লাভ কৰাটো সম্ভৱ। তেওঁ লগতে কয় যে এই পৰিকল্পনা ৰূপায়ণৰ বাবে ৰাছিয়াৰ সন্মতি অতি প্ৰয়োজনীয় হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
