
চৰাইদেউ, ১৩ অক্টোবৰ (হি.স.): চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত নাফুকত পথ কাষত ৰৈ থকা এগৰাকী মহিলাৰ হাতৰ পৰ যোৱাকালি দেওবাৰে নিশা মোবাইল কাঢ়ি নিয়াৰ ঘটনা সংঘটিত হৈছে। যোৱা কালি নিশা প্ৰায় ৮-৩০ মান বজাত ঘৰৰ সন্মুখতে থকা ধোদৰআলি পথৰ কাষত ৰৈ থকা মহিলাগৰাকীৰ হাতৰ পৰা স্কুটিত অহা দুজন কম বয়সৰ যুৱকে মোবাইল ফোনটো কাঢ়ি নিয়ে ।
ইফালে মহিলা গৰাকীয়ে বাধা প্ৰদান কৰিবলৈ স্কুটিৰ পাছৰ চিটত বহি অহা যুৱক জনক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰোতে যুৱক জনে মহিলা গৰাকীক বহু দূৰ স্কুটিৰ পাছফালে চোচৰাই লৈ যায় । পাছত ৰাজপথৰে গৈ থকা এখন বাহনে চিঞৰ বাখৰ কৰি খেদি যোৱাত মহিলা গৰাকীক পেলাই যুৱক দুজন স্কুটি লৈ উধাও হয়। ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে যুৱক দুজনে ব্যৱহাৰ কৰা স্কুটি খনৰ নম্বৰ এএছ ৩৩ বি ৫৫৯৭ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
