বৰপেটা, ৩০ ডিছেম্বৰ (হি.স.): বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত গলিয়াত দিনে নিশাই চলিছে নিষিদ্ধ জুৱা খেল। যেন অনুজ্ঞাপত্ৰ লৈহে চলাই আছে জুৱা খেল । দীৰ্ঘদীন ধৰি ফৰহাদ আলী নামৰ লোকজনৰ নেতৃত্বত এই ঝাণ্ডিমুণ্ডাৰ জুৱা চলি থকাৰ অভিযোগ উঠিছে। উক্ত জুৱা খেলত ১০২ নং কুমুল্লীপাৰাৰ গাও পঞ্চায়তৰ সদস্যাৰ স্বামী ক্ৰমে ওচমান গনি, আৰু খন্দকাৰ মোতালেব জড়িত থকাত সচেতন নাগৰিকৰ চকু কপালত তুলিছে।
জুৱা খেলৰ বাবে গলিয়া তথা ইয়াৰ পাৰ্শৱৰ্তী একেলাত বিভিন্ন অসামাজিক কাৰ্যকলাপ দিনক দিনে বৃদ্বি পাবলৈ ধৰিছে বুলি সচেতন নাগৰিকসকলে অভিযোগ কৰিছে । উল্লেখযোগ্য যে জুৱা খেলৰ কাৰণে সমগ্ৰ কুমুল্লীপাৰা, গৰেমাৰী,বানিয়াৰাপাৰা, গলিয়া অঞ্চলৰ যুৱপ্ৰজন্ম এক প্ৰকাৰ ধ্বংসৰ ফালে গতি কৰিছে কিন্তু তাৰ পাছতো চলি আছে এই জুৱা। এইক্ষেথঅৰত জিলা প্ৰশাসন নাইবা হাউলী আৰক্ষীয়ে এই জুৱা খেল বন্ধ কৰাতে কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰে তাৰ প্ৰতি সচেতন মহলে লক্ষ্য ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
