কামৰূপ, ০৮ নৱেম্বৰ (হি.স.): দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আচলপাৰাসাপ্তাহিক বজাৰত চুৰিকাণ্ড সংঘটিত হৈছে ৷ যোৱাকালি নিশা কোনোবা অজ্ঞাত চোৰে আচলপাৰাৰ জাহিদুল ইছলাম নামৰ দোকানীৰ ঘৰৰ দৰজা ভাঙি প্ৰৱেশ কৰি সাত লক্ষাধিক টকাৰ কাপোৰ চুৰ কৰি নিয়ে ৷
উল্লেখ্য যে, অঞ্চলটোত সঘনাই চুৰিকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ ইফালে গাঁওৰক্ষী বাহিনীৰ ভূমিকাও নিষ্ক্ৰিয় বুলি অভিযোগ তুলিছে সচেতন মহলে ৷ ঘটনা সংক্ৰান্তত দোকানী জাহিদুল ইছলামে ইতিমধ্যে জোৰশিমুলী আৰক্ষী চকীত চুৰি হোৱা সন্দৰ্ভত অৱগত কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
