
বৰপেটা, ১৩ অক্টোবৰ (হি.স.): বৰপেটা জিলাৰ শুকমানাহ গাঁৱৰ দক্ষিণ শুকমানাহ যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা দিবা-নৈশ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাত কলগাছিয়া ভলীবল ক্লাবে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । মাহমুদুৰ ৰহমান খান আৰু ওৱাহিদুৰ ৰহমানৰ পৰিচালনাৰে ৰবিবাৰে আবেলি ৩ বজাৰ পৰা নিশা ৩ বজালৈকে জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা ভলীবল প্ৰতিযোগী সকলৰ মাজত এই প্ৰতিযোগিতা খন তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে অনুষ্ঠিত হৈছিল।
অৱশেষত উজান বৰবড়ী ভলীবল ক্লাবক ২৫/১৮ পয়েন্টত হৰুৱাই কলগাছিয়া ভলীবল ক্লাবে বিজয়ৰ খিতাপ অৰ্জন কৰে। খিতাপ অৰ্জন কৰা কলগাছিয়াৰ শ্ৰেষ্ট দলটিক উদ্যোক্তা সকলে নগদ ১০ হাজাৰ ১ টকা লগতে ট্ৰফী এখনেৰে সন্মানীত কৰা হয় । ইয়াৰ সামন্তৰালকৈ উজান বৰবড়ী ভলীবল ক্লাবক দ্বিতীয় পুৰষ্কাৰ হিচাপে ৭ হাজাৰ ১ টকাৰ সৈতে ট্ৰফী এখনৰ দ্বাৰাই সন্মানীত কৰে। ইয়াৰ ওপৰিও সৰ্বশ্ৰেষ্ট খেলুৱৈ হিচাপে কলগাছীয়া ভলীবল ক্লাবৰ ইঞ্জামামুল হ’ককো ট্ৰ’ফী এখন অৰ্পণ কৰি প্ৰেৰণা দিয়ে।
উক্ত প্ৰতিযোগিতা খনিত বিভিন্ন প্ৰান্তৰ খেলুৱৈ সকলে অংশগ্ৰহণ কৰাৰ বাবে আৰু খেল প্ৰেমী সদাশয় ৰাইজে যি ধৰণে সহায়-সহযোগিতা আগবঢ়ালে তাৰ পৰিপ্ৰেক্ষিতত ক্লাবৰ সভাপতি তাহেৰ আলী আৰু সম্পাদক জাকাৰীয়া হুছেইনে আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
