–১৩.১০ গ্ৰাম সন্দেযুক্ত ব্ৰাউন চুগাৰ জব্দ
ডিব্ৰুগড়, ২০ ফেব্ৰুৱাৰী : ডিব্ৰুগড়ত টেঙাখাত আৰক্ষীৰ হাতত আটক হৈছে ব্ৰাউন চুগাৰ সৰবৰাহকাৰী । বিশেষ সূত্ৰে পম খেদি টেঙাখাত আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুৰাজ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে ৰজা আলিত সমিপৰত কালি তিতু বৰুৱা (৩৩)নামৰ এজন সন্ধেযুক্ত ব্ৰাউন চুগাৰ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷
সৰবৰাহকাৰী জনৰ পৰা ১৩.১০ গ্ৰাম সন্দেযুক্ত ব্ৰাউন চুগাৰৰ লগতে এটা এণ্ড্ৰইড মোৱাইল ফোন আৰু এখন এএছ ০৬ এল ৭৫৬০ নম্বৰ কলা ৰঙৰ পালচা বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷ কালি সন্ধিয়া আৰক্ষী জানিব দিয়া মতে সৰবৰাহকাৰী জন চাচনী গছপুৰিয়া গাওঁৰ দিলিপ বৰুৱা পুত্ৰ বুলি চিনাক্ত কৰিছে ৷ এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাত আঞ্চলিকৰ সভাপতি গৌতম বৰুৱাই টেঙাখাত আৰক্ষী ধন্যবাদ জনোৱাৰ লগতে এনে কাৰ্য্যকলাপত কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব বাবে সংৱাদমাধ্যমৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনায়।
