
ধুবুৰী, ১৬ আগষ্ট (হি.স.): ধুবুৰীৰ তামাৰহাটৰ বাসন্তীপুৰত যোৱাকালি শুকুৰবাৰে আৰক্ষীয়ে চোৰাং মাদক দ্ৰব্য়ৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ কৰা হয়।
বাসন্তীপুৰ বজাৰৰ ব্যৱসায়ী ৰত্নেশ্বৰ ৰায়ৰ বাসগৃহত চলাইছিল আৰক্ষীয়ে বিলাতী সুৰা বিৰোধী অভিযান। ৰত্নেশ্বৰ ৰায়ৰ ঘৰৰ পৰা আৰক্ষীয়ে কাৰ্টুনে কাৰ্টুনে বিলাতী সুৰা জব্দ কৰে। আনহাতে আৰক্ষীৰ উমান পাই পলায়ন কৰে ব্যৱসায়ী ৰত্নেশ্বৰ ৰায়। ৰত্নেশ্বৰ ৰায়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধ বিলাতী সুৰাৰ বেহা চলাই থকাৰ অভিযোগ উঠি আহিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
