গুৱাহাটী,১৯ নৱেম্বৰ (হি.স.)। গোপন সূত্ৰৰ ভিত্তিত গুৱাহাটী আৰক্ষীয়ে বিপুল পৰিমাণৰ নিষিদ্ধ হেৰ’ইনসহ ৩টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই দেওবাৰে সংবাদ মাধ্যমক এই তথ্য প্ৰদান কৰে।
আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ এছ অ’ জি দল আৰু গড়চুক আৰক্ষীৰ এটা দলে এখন নতুন চুইফট ডেজিৰে গাড়ীত অহা এজন ব্যক্তিক ধৰে। অভিযুক্তজন হাজোৰ আব্দুল আলিম গণেশ মন্দিৰৰ সমীপৱৰ্তী বৰগাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আব্দুলে হেৰ’ইন কিনিবলৈ আহিছিল। থানা বশিষ্টাৰ হোটেল হাইৱে পেলেচ লালমাটিত হেৰ’ইনৰ পেকেট ডেলিভাৰী কৰিবলৈ অহা দুজন লোকৰ সৈতে তেওঁ ধৰা পৰে। তালাচীৰ সময়ত তেওঁলোকৰ পৰা ২০ পেকেট হেৰ’ইনৰ উপৰিও ২২,৪০০ টকা নগদ ধন উদ্ধাৰ কৰা হয়।
এন ডি পি এছ আইনৰ পদ্ধতি অনুসৰি জব্দ কৰা হৈছে হেৰ’ইন। দুয়োকে জেৰা কৰাৰ পাছত টি আৰ পি ৰোড মাছাখোৱা হোটেল নিউ ক্রিষ্টালত এ চি পি আজাৰা সংমণ্ডলৰ উপস্থিতিত তালাচী চলোৱা হয়৷
কোঠাটোৰ ভিতৰৰ পৰা এক লাখ ৫০ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰি জব্দ কৰে। অধিক জেৰাৰ অন্তত আন সহযোগীসকলক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ/আছৰাৰ/মনোজ/অৰবিন্দ
