
মৰিগাঁও, ২৯ ছেপ্টেম্বৰ (হি.স.): মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ জালত পৰিছে দুই কুখ্যাত ছাইবাৰ অপৰাধী। যোৱাকালি দেওবাৰে নিশা ধৃত ছাইবাৰ অপৰাধী দুটা ক্ৰমে ছাহিনুৰ আৰু হাবিবুল্লাহ বুলি পৰিচয় পোৱা গৈছে।
লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ দুই পলাতক ছাইবাৰ অপৰাধী । ধৃত ছাহিনুৰ আৰু হাবিবুল্লাহৰ বিৰুদ্ধে লাহৰীঘাট আৰু মৈৰাবাৰী আৰক্ষী থানাত পৃথকে পৃথকে গোচৰ ৰুজু হৈ আছিল। দীৰ্ঘদিনৰ পৰা দুয়োয়ে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰৱঞ্চনাৰে সৰকাইছিল লাখ লাখ টকা। সম্প্ৰতি লাহৰীঘাট আৰক্ষীয়ে দুয়োকে সোধ পোছ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
