ওদালগুৰি, ১০ মে’: ওদালগুৰি জিলাৰ ভেৰগাঁৱ আৰক্ষী চকীৰ অন্তৰ্গত বড়িগাঁওত আজি এজন শুকৰাম বসুমতাৰী নামৰ ৩৮ বছৰীয়া এজন লোকৰ মৃতদেহ ঘৰৰ সমূখৰ পথৰ দাঁতিত উদ্ধাৰ হোৱা ঘটনাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ পুৱা প্ৰাত:ভ্ৰমণলৈ যোৱা লোকে শুকৰাম বসুমতাৰীৰ নামৰ লোকজনৰ ঘৰৰ সন্মুখৰ পথৰ দাঁতিত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক অৱগত কৰে ৷
স্থানীয় ৰাইজ তথা গাঁওবুঢ়াই লোকজনৰ মৃতদেহত আঘাতৰ চিন দেখি লোকজনৰ মৃত্যু স্বাভাৱিক মৃত্যু নহৈ হত্যাকাণ্ডৰ সন্দেহ কৰি আৰক্ষীক খৱৰ কৰে ৷ পিছত ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ আঘাতৰ চিন থকা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি লোকজনক শোৱাপাতিৰ পৰা উঠাই আনি চোতালৰ পৰা চোঁচৰাই পথলৈ নিয়াৰ চিন দেখা গৈছে ৷ লোকজনক কোনে কি কাৰণে নিশা শোৱা পাতিৰ পৰা উঠাই নি হত্যা কৰিলে এই লৈ গাঁওখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
