
তিনিচুকীয়া, ১২ নৱেম্বৰ (হি.স.): তিনিচুকীয়া পৰা ডিব্ৰুগড় অভিমুখে আহি থকা এখন বিলাসী বাহনক বাটতে আগচি গাড়ী খনত থকা ২৬ লাখ টকা ডকাইতি কৰি নিয়ে। মঙলবাৰে সন্ধিয়া সংঘটিত হৈছে এই ঘটনা।
ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি সন্ধিয়া আন এখন বিলাসী বাহনে বাটত আগুচি ধৰি ২৬ লাখ টকা লৈ পলায়ন কৰে বুলি জানিব পৰা গৈছে। ডকাইতৰ দলটোৱেও এখন বিলাসী বাহনত আহিছিল বুলি ভূক্তভোগীয়ে এজাহাৰ দাখিল কৰে। বৰ্তমান লাহোৱাল আৰক্ষী ডিকম আৰক্ষীয়ে অভিযোগকাৰীক লগত লৈ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
