ফ’ৰ্ট ল’ডাৰডেল (ফ্ল’ৰিডা), ১৬ আগষ্ট (হি.স.)। ইণ্টাৰ মিয়ামিৰ তাৰকা ফুটবলাৰ লিয়নেল মেছিয়ে আঘাতৰ পৰা সুস্থ হৈ উঠিছে আৰু শনিবাৰে লছ এঞ্জেলছ গেলাক্সি (এল এ গেলাক্সি)ৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে। শুকুৰবাৰে দলটোৰ মুখ্য প্ৰশিক্ষক জেভিয়াৰ মাস্কেৰানোৱে এই কথা নিশ্চিত কৰে।
৩৮ বছৰীয়া মেছিয়ে সোঁ ভৰিৰ আঘাতৰ বাবে যোৱা দুখন মেচৰ পৰা আঁতৰি আছিল। ২ আগষ্টত নেকাক্সাৰ বিৰুদ্ধে লীগছ কাপৰ খেলখনৰ প্ৰথমাৰ্ধত তেওঁ এই আঘাতৰ সন্মুখীন হয়। অৱশ্যে চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁ দলটোৰ সৈতে পুনৰ অনুশীলন আৰম্ভ কৰে।
প্ৰশিক্ষক মাস্কেৰানোৱে কয়, লিঅ’ এতিয়া সম্পূৰ্ণ ভাল। বুধবাৰৰ পৰা তেওঁ দলৰ সৈতে অনুশীলন কৰি আছে। আমি নিশ্চিত যে যদি কোনো অভাৱনীয় পৰিস্থিতি নহয় তেন্তে তেওঁ মেচখনৰ সৈতে জড়িত হ’ব।
বৰ্তমান এম এল এছ গোল্ডেন বুট দৌৰত মেছিয়ে ১৮টা গ’ল দি নেশ্বভিলৰ ছেম ছাৰিজৰ সৈতে সমতাত আছে। আৰ্জেণ্টিনাৰ ৮ বাৰৰ বেলন ডি অৰ বিজয়ী মেছিয়েও এই ছিজনত ১৭খন এম এল এছ মেচত ১০টা এছিষ্ট পঞ্জীয়ন কৰিছে।
ইষ্টাৰ্ণ কনফাৰেন্সৰ ৰেংকিঙত ষষ্ঠ স্থানত আছে ইণ্টাৰ মিয়ামি (১২-৫-৬, ৪২ পইণ্ট) আৰু বৰ্তমান প্লে অফৰ কাটলাইনৰ পৰা ছয় পইণ্ট ওপৰত আছে। লীগ কাপৰ কোৱাৰ্টাৰ ফাইনেলতো প্ৰৱেশ কৰিছে দলটোৱে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
