কোকৰাঝাৰ, ১৮ অক্টোবৰ : কোকৰাঝাৰ জিলাৰ অধিনৰ দোতমা ব্লক বিপিএফৰ সভা কক্ষত মঙলবাৰে আবেলি এক সভা অনুষ্ঠিত কৰি বিপিএফ দলৰ দোতমা ব্লক কোচৰাজবংশী কোষ গঠন কৰে ।
উক্ত কোচৰাজবংশী কোষ গঠন সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিপিএফ দলৰ কোচৰাজবংশী কোষৰ কেন্দ্ৰীয় সভাপতি দিপাংকৰ ৰাজবংশী, সাধাৰন সম্পাদক দ্বিপন অধিকাৰী, এমছিএলএ প্ৰকাশ বসুমাতাৰী, কোকৰাঝাৰ জিলা বিপিএফৰ সাধাৰণ সম্পাদক দ্বিপ্তী প্ৰসাদ ব্ৰহ্ম, ধৰণী কান্ত নাৰ্জাৰী, মহিলা ব্ৰহ্ম, আদিৰ উপৰিও বিপিএফ দলৰ অইন অইন বিষয়ববীয়া সকল। কোচৰাজবংশী কোষ গঠন সভাখন পৰিচালনা কৰে বিৰ্জু ৰায়ে । উক্ত সভাতেই দোতমা ব্লক বিপিএফৰ কোচৰাজবংশী কোষৰ সভাপতি দিচাপে অনুপম ৰায়ক আৰু পবন ৰায়ক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পন কৰি ১২১ জনীয়া এখন শক্তিশালী কমিটি গঠন কৰে ।
