দৰং, ১৬ জুলাই (হি.স.)। দৰং জিলাৰ ছিপাঝাৰৰ চেঙেলীয়াৰ কেন্দুগুৰিত আজি বুধবাৰে এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। উচ্চ বিদ্যুৎ পৰিবাঁহী তাৰৰ সংস্পৰ্শত এজন লোক গুৰুতৰ ভাবে আহত হয়। আহত লোকজনৰ নাম ফিজনুৰ আলি (৫২) বুলি জানিব পৰা গৈছে। লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
পুৱাতে পথাৰলৈ বাঁহ কাটিবলৈ গৈছিল লোকজনে। ইতিমধ্যে লোকজনৰ অৱস্থা অধিক সংকটজনক বুলি কোৱা হৈছে। স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰিছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
