যোৰহাট, ২৩ জুলাই (হি.স.): যোৰহাটৰ নাজিৰ আলিৰ এঘৰত যোৱাকালি মঙলবাৰে সন্ধিয়া অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। দুই ৰুগীয়া বয়োজ্যেষ্ঠ স্বামী স্ত্রী ঘৰত থাকোঁতেই ৰান্ধনী ঘৰত লাগিল জুই। ৰান্ধনী ঘৰৰ ফ্ৰীজকে ধৰি সকলো সামগ্রী জুইত নিঃশেষ হয়।
যোৰহাট নাজিৰ আলিত বৰ্জ গোপাল বৰুৱা নামৰ ব্যক্তি জনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। জানিব পৰা মতে ৰান্ধনী ঘৰৰ কিছু সা সম্পত্তি জুইত জাহ যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
