ধেমাজি, ০১ নৱেম্বৰ (হি.স.): ধেমাজি জিলাৰ চিলাপথাৰত মঙলবাৰে নিশা আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমানৰ হেৰ’ইন সহ নগদ ১ লাখ ৬ হেজাৰ টকা। নিশা আৰক্ষীয়ে লাভ কৰা গোপন খৱৰৰ ভিত্তিত চচাইটিৰ পংকজ পাইত (২৬) নামৰ যুৱক জনৰ ঘৰত আৰক্ষীয়ে তালাচি চলোৱাত হেৰ’ইন ভৰ্তি ১৮ টাকৈ চাবোনৰ লগতে ১ লাখ ৬ হেজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ।
আৰক্ষীয়ে প্ৰায় ২৩৯ গ্ৰাম হেৰ’ইন, নগদ ধন বহু যাবতীয় সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰী পংকজ পাইত নামৰ যুৱক জনক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত যুৱক জন পূৰ্বতেই ড্ৰাগছ সৰবৰাহ অভিযুক্তত ৰঙাঘৰৰ আলহী হৈছিল। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
