নতুন দিল্লী, ১৮ অক্টোবৰ (হি.স)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি আদানী গ্ৰুপৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ৰাহুলে কয় যে আদানী গ্ৰুপে ইণ্ডোনেছিয়াৰ পৰা কয়লা ক্ৰয় কৰে। ইয়াৰ দাম হেৰফেৰ কৰি ভাৰতত দুগুণ দামত বিক্ৰী কৰে। ইয়াৰ বাবেই দেশত বিদ্যুতৰ মূল্য বৃদ্ধি পায়। ইয়াৰ বোজা দুখীয়া ৰাইজে বহন কৰিব লগা হৈছে।
তেওঁৰ অভিযোগৰ সমৰ্থনত লণ্ডনৰ বাতৰি কাকতৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দিয়ে। ৰাহুলে কয় যে এই হেৰফেৰ কৰি আদানী গ্ৰুপে ১২ হাজাৰ কোটি টকা উপাৰ্জন কৰিছে। ভাৰতৰ নাগৰিকে এই কথা বুজিব লাগিব। আমোদজনক কথাটো হ’ল ভাৰতীয় সংবাদ মাধ্যমে এনে বাতৰিৰ ওপৰত এটাও প্ৰশ্ন নকৰে।
উল্লেখযোগ্য যে আজি কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত চলি আছে। ইয়াত ৰাহুলেও অংশ লৈছে। এই বৈঠকত ৰাজস্থান, মধ্যপ্ৰদেশকে ধৰি অন্যান্য ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হৈছে। এই আলোচনাৰ মাজতে ৰাহুল গান্ধীয়ে সংবাদমেল সম্বোধন কৰে।
হিন্দুস্থান সমাচাৰ/আশুতোষ/মনোজ/অৰবিন্দ
