
বৰপেটা, ২৮ আগষ্ট (হি.স.): বৰপেটা জিলাৰ পাঠশালা ৰেলৱে ষ্টেচনত যোৱা কালি বুধবাৰে বিয়লি উদ্ধাৰ কৰা হয় এটি অচিনাক্ত মৃতদেহ ৷ ৰেলৱে আৰক্ষী তথা বজালী প্ৰশাসনৰ অৱহেলাৰ বাবে ঘণ্টা ঘণ্টা ধৰি ষ্টেচনতে পৰি থাকিল মৃতদেহটো।
ইফালে চিনাক্ত কৰিব পৰা হোৱা নাই মৃত ব্যক্তিজনৰ পৰিচয় ৷ উল্লেখ্য় যে চাফাই কাৰ্য্য চলি থকা অৱস্থাত চাফাই কৰ্মীয়ে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
