নতুন দিল্লী, ১৮ অক্টোবৰ (হি.স.)। মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে বুধবাৰে প্ৰকাশ কৰে ১২ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা। এই তালিকাত এগৰাকী মহিলা প্ৰাৰ্থী আৰ. লালবিয়াক্টলংগীৰ নামো আছে। তেওঁ লুংলেই পশ্চিমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।
বিজেপিৰ তালিকা অনুসৰি হাচেক সমষ্টিৰ পৰা মালছোৱামল্লুয়াংগাক প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ বিপৰীতে ডাম্পা অঞ্চলৰ পৰা ভানলালহুমুৱাকা, মমিত অঞ্চলৰ পৰা লালৰিণলিয়ানা চেলো, থোৰাঙৰ পৰা শান্তি বিকাশ চাকমা আৰু চাইহাৰ পৰা কে বিচুৱাক প্ৰাৰ্থী হিচাপে নিযুক্তি দিয়া হৈছে।
অহা ৭ নৱেম্বৰত চল্লিশজনীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৩ ডিচেম্বৰত ভোটগণনা হ’ব।
উল্লেখযোগ্য যে ৰাজ্যখনত মিজো নেচনেল ফ্ৰণ্ট ক্ষমতাত আছে। ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্টে ২৬খন আসন লাভ কৰিছিল। কংগ্ৰেছে ৫খন আসন আৰু বিজেপিয়ে এখন আসন লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ/অৰবিন্দ
