–মুখ্য বক্তা হিচাপে উপস্থিত থাকিব জে নন্দকুমাৰ
অমৰাৱতী, ২৮ ছেপ্টেম্বৰ (হি.স.)। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গৱাইৰ মাতৃ ড° কমলতাই গৱাই আমৰাৱতীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ বিজয়দশমী উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। একেদৰে মুখ্য বক্তা হিচাপে উপস্থিত থাকিব আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যবাহীৰ সদস্য জে নন্দকুমাৰ। ড° কমলতাই গৱাই আমৰাৱতীস্থিত সন্মানীয় শ্ৰী দাদাচাহেব গৱাই ট্ৰাষ্টৰ সভাপতিও।
এই সন্দৰ্ভত তথ্য ভাগ-বতৰা কৰি আৰ এছ এছৰ বিদৰ্ভ প্ৰদেশৰ প্ৰচাৰ প্ৰধানে উল্লেখ কৰে যে এইবাৰ আৰ এছ এছে শতবাৰ্ষিকী উদযাপন আৰম্ভ কৰিছে। অহা ২ অক্টোবৰত মহাৰাষ্ট্ৰৰ নাগপুৰৰ ৰেশিমবাগত অনুষ্ঠিত হ’বলগীয়া উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। একে ধাৰাত অহা ৫ অক্টোবৰত মহাৰাষ্ট্ৰৰ আমৰাৱতীত বিজয়দশমী অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতৰ মুখ্য ন্যায়াধীশ ভূষণ আৰ গৱাইৰ মাতৃ ড০ কমলতাই গৱাই। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য জে নন্দকুমাৰ। আমৰাৱতী কিৰণ নগৰৰ শ্ৰীমতী নৰসম্মা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
গৱাই পৰিয়ালৰ সদস্যসকলে জনোৱা মতে, সংঘৰ পৰা আনুষ্ঠানিক নিমন্ত্ৰণ লাভ কৰিছে ড০ কমলটাই গৱাইয়ে। তেওঁ বিজয়দশমী উদযাপনত উপস্থিত থাকিবলৈ মৌখিক সন্মতি প্ৰদান কৰিছে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
