নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰএছএছ)ৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক গোট- অখিল ভাৰতীয় প্ৰতিনিধি সভাৰ বাৰ্ষিক সভাখন অহা ১৫ৰ পৰা ১৭ মাৰ্চলৈ নাগপুৰত অনুষ্ঠিত হ’ব।
সংঘৰ সৰ্বভাৰতীয় প্ৰচাৰ মুৰব্বী সুনীল আম্বেকাৰে বুধবাৰে এই তথ্য প্ৰদান কৰে। এই সভাখন সিদ্ধান্তৰ দৃষ্টিকোণৰ পৰা সংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈঠক আৰু ইয়াত আগন্তুক বছৰৰ পৰিকল্পনা চূড়ান্ত কৰা হয়।
প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সংঘৰ সৰসংঘচালক ডা° মোহন ভাগৱত, সৰকাৰ্যবাহ দত্তত্ৰেয় হোছাবালে, আটাইকেইজন সহযোগী সৰকাৰ্যবাহৰ লগতে সংঘৰ আন সকলো বিষয়ববীয়াই। প্ৰদেশৰ পৰা নিৰ্বাচিত সকলো প্ৰতিনিধি, অঞ্চল আৰু প্ৰদেশৰ সংঘৰ নেতা, কৰ্মী, প্ৰচাৰকসকলৰ লগতে বিভিন্ন সংঘ অনুপ্ৰাণিত সংগঠনৰ সকলো সংগঠন মন্ত্ৰী আৰু তেওঁলোকৰ সহযোগীসকলেও বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
