
কামৰূপ, ২৯ ছেপ্টেম্বৰ (হি.স.)। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত জড়িত আটাইকে গ্ৰেপ্তাৰৰ দাবীত ৰঙিয়াত ধৰ্ণা প্ৰদান কৰা হয় । ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰে শতাধিক ৰাইজে । অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত জড়িত আটাইকে গ্ৰেপ্তাৰৰ দাবীত ধৰ্ণা দিয়ে ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক তদন্তৰ আওতাত আনি গ্ৰেপ্তাৰ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্য়ক্ত কৰে প্ৰতিবাদকাৰী জনতাই । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী জনতাই । অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা ৰঙিয়া নগৰৰ মূল পথসমুহেৰে প্ৰতিবাদী সমদল উলিয়ায় । এই সমদলত সকলোৱে হাতে প্লে-কাৰ্ড লৈ অংশগ্ৰহণ কৰে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
