• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ১২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত দাখিল হ’ব চাৰ্জশ্বীটঃ এছ আই টিৰ মুৰব্বী
National

১২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত দাখিল হ’ব চাৰ্জশ্বীটঃ এছ আই টিৰ মুৰব্বী

CliQ INDIA
Last updated: December 7, 2025 8:47 am
CliQ INDIA
Share
3 Min Read
SHARE

গুৱাহাটী, ০৬ ডিচেম্বৰ (হি.স.)। মৰমৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা (চাৰ্জশ্বীট) দাখিল কৰিব। এই তথ্য শনিবাৰে এখন সংবাদমেলযোগে দিয়ে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। আজি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাই সংবাদ মেল সম্বোধন কৰি জুবিন গাৰ্গৰ হত্যাৰ তদন্তৰ অভিযোগনামা দাখিলৰ দিন ঘোষণা কৰে। সংবাদমেলত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাই কয় যে আদালতত মাত্ৰ এখনেই চাৰ্জশ্বীট দাখিল কৰা হ’ব।

আঢ়ৈ মাহৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ বাবে সাজু হৈছে অসম আৰক্ষী। চি আই ডিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ মতে, এছ আই টিৰ তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে। এই গোচৰত এতিয়ালৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চি আই ডি কেছ নম্বৰ ১৮/২০২৫ত চাৰ্জশ্বীট দাখিল কৰা হ’ব, আনহাতে সংশ্লিষ্ট গোচৰ নম্বৰ ১৯/২০২৫ৰ তদন্ত অব্যাহত থাকিব। বিষয়াগৰাকীয়ে উল্লেখ কৰে যে জুবিনৰ মৃত্যুৰ তদন্তৰ সময়ত এছ আই টিয়ে ৩০০ৰো অধিক লোকক জেৰা কৰিছে।

উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ বিয়োগত আজিও শোকদগ্ধ হৈ আছে ৰাজ্যবাসী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আঢ়ৈ মাহ পাৰ হ’ল। এতিয়া প্ৰতিজন অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাইছে জুবিন গাৰ্গে ন্যায় পোৱা সেই দিনটোলৈ। জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। এছ আই টিয়ে প্ৰতিটো ঘটনা পুংখানুপুংখভাৱে তদন্ত কৰাৰ বাবে ইতিমধ্যে ৩০০ৰো অধিক লোকক সোধা-পোছা কৰিছে। বৰ্তমান কাৰাগাৰত আছে মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু জুবিনৰ দুই দেহৰক্ষী ক্ৰমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য।

উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ছিংগাপুৰত ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল। প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে সিদ্ধাৰ্থ আৰু শ্যামকানুৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছিল । পৰৱৰ্তী সময়ত দুয়োৰে বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল চিআইডিৰ এছআইটিয়ে। জুবিন গাৰ্গৰ বিয়োগৰ পিছৰে পৰা পলায়ন কৰি আছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শর্মা। আনহাতে ১ অক্টোবৰৰ পুৱাই গ্ৰেপ্তাৰ হৈছিল ১৩ দিনে লুকাই থকা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ গোস্বামীক। ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হওঁতেই নিশা ১২.৩০ বজাত গ্ৰেপ্তাৰ কৰিছিল শ্যামকানুক। ইফালে গুৰগাঁৱৰ পৰা নিশা ১.৩০ বজাত গ্ৰেপ্তাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মাক। ইফালে ২ অক্টোবৰত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, গায়িকা অমৃত প্ৰভা মহন্ত তথা ৮ অক্টোবৰত জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ উপৰি ১০ অক্টোবৰত জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰিছিল এছআইটিয়ে। বৰ্তমান আটাইকেইজন অভিযুক্ত কাৰাবন্দী হৈ আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

মধ্য প্ৰদেশত বাছৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ ১৩ জন
প্ৰধানমন্ত্ৰী মোডী, ৰাজনাথ সিং আৰু অমিত শ্বাহৰ আজি বিহাৰত বৃহৎ নিৰ্বাচনী সভা
মোডীৰ নেতৃত্বত সকলোৰে সমৰ্থন, সকলোৰে বিকাশ আৰু সকলোৰে আস্থা ব্যক্ত – নড্ডা
পশ্চিম বংগই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰ্মচাৰীসকলৰ বকেয়া ডিএ পৰিশোধ কৰিলে
ৰাজস্থানত পুৱা ৯ বজালৈকে ৯.৭৭ শতাংশ ভোটদান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিশ্বৰ নবীকৰণযোগ্য শক্তি বৃদ্ধিৰ মূল চালক হিচাপে ভাৰতৰ উত্থানঃ প্ৰহ্লাদ যোশী
Next Article টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত ১৪ ডিচেম্বৰৰ পৰা ৭ দিনীয়া দ্বিতীয় টীয়ক গ্ৰন্থ মেলাৰ বৃহৎ আয়োজন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?