– প্ৰথমে আম্বাজী মন্দিৰ দৰ্শন
নতুন দিল্লী, ৩০ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি আৰু কাইলৈ (৩০ আৰু ৩১ অক্টোবৰ) গুজৰাট ভ্ৰমণ কৰিব । আজি পুৱা প্ৰায় ১০:৩০ বজাত তেওঁ অম্বাজী মন্দিৰত পূজা আৰু দৰ্শন কৰিব। ইয়াৰ পিছত দিনৰ প্ৰায় ১২ বজাত তেওঁ মেহছানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
কাইলৈ পুৱা প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়ালৈ যাব আৰু ঐক্যৰ মূৰ্তিত পুস্পাঞ্জলি অৰ্পন কৰিব। ইয়াৰ পিছত ৰাষ্ট্ৰীয় ঐক্য দিৱস উদযাপন আয়োজন কৰা হ’ব। ইয়াৰ উপৰিও তেওঁ কেভাদিয়াত আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ৯৮ সংখ্যক কমন ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থীসকলক পুৱা প্ৰায় ১১:১৫ বজাত ‘আৰম্ভ ৫.০’ত কাৰ্যসূচীত সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে মেহছানাত প্ৰায় ৫৮০০ কোটি টকাৰ ৰে’ল, পথ, খোৱাপানী আৰু জলসিঞ্চনৰ সৈতে জড়িত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে উৎসৰ্গা কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ (ডব্লিউ ডি এফ চি)ৰ নিউ ভাণ্ডু-নিউ চানন্দ (এন) অংশ, বিৰামগাম-সামাখিয়ালি ৰে’ল লাইন দ্বৈতকৰণ, কাটোছান ৰোড-বেচৰাজী, মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেড (এম এছ আই এল চাইডিং) ৰে’ল প্ৰকল্প, মেহছানা আৰু গান্ধীনগৰ জিলাৰ বিজাপুৰ তালুকা আৰু মানসা তালুকাৰ বিভিন্ন গাওঁ হ্ৰদৰ ৰিচাৰ্জ প্ৰক্ৰিয়া প্ৰকল্প, মেহছানা জিলাৰ চাবৰমতী নদীৰ ওপৰত ভালছানা বেৰেজ, বনাসকান্থাত পালানপুৰ খোৱা পানীৰ ব্যৱস্থাৰ বাবে দুটা আঁচনি আৰু পালানপুৰ প্ৰকল্প-মুখ্য কাম (এইচডব্লিউ) পানী পৰিশোধন প্ৰকল্প আদি।
প্ৰধানমন্ত্ৰীয়ে মহিসাগৰ জিলাৰ সন্ত্ৰমপুৰ তালুকত জলসিঞ্চন সুবিধা প্ৰকল্প, সবৰকান্তৰ নৰোদা-ডেহগাম-হৰছল-ধনছুৰা পথৰ বহল আৰু শক্তিশালীকৰণ প্ৰকল্প, কালোল পৌৰসভাৰ গান্ধীনগৰ জিলাৰ নলা-নৰ্দমা আৰু ছেপ্টেজ ব্যৱস্থাপনা প্ৰকল্প, সিদ্ধপুৰ (পতন), পালানপুৰ (বানাস্কান্ত) বায়াদ ( আৰাৱল্লী) আৰু বদনগৰ (মেহছানা)ত নলা-নৰ্দমা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
ইয়াৰ উপৰিও কাইলৈ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ পেৰেড চাব। ইয়াৰ ভিতৰত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) আৰু ৰাজ্যিক আৰক্ষীৰ বিভিন্ন দল অন্তৰ্ভুক্ত হ’ব। পেৰেডৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ সকলো মহিলা বাইকাৰ্চৰ ডেয়াৰ ডেভিল শ্ব’, সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ মহিলা পাইপ বেণ্ড, গুজৰাট মহিলা আৰক্ষীৰ নৃত্য পৰিচালিত বিশেষ কাৰ্যসূচী, বিশেষ এন চি চি শ্ব’, স্কুল বেণ্ড প্ৰদৰ্শন, ভাৰতীয় বায়ুসেনাৰ ফ্লাইপাষ্ট, ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম।
প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াত ১৬০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উদ্বোধন হ’বলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে একতা নগৰৰ পৰা আহমেদাবাদলৈ ঐতিহ্যমণ্ডিত ৰে’ল, নৰ্মাদা আৰতি লাইভ প্ৰকল্প, কমলাম পাৰ্ক, ষ্টেচু অৱ ইউনিটি কমপ্লেক্সৰ ভিতৰত এটা খোজকাঢ়ি যোৱা পথ, ৩০খন নতুন ই-বাছ, ২১০খন ই-চাইকেল আৰু কেইবাখনো গ’ল্ফ কাৰ্ট, একতা চহৰৰ গেছ বিতৰণ নেটৱৰ্ক আৰু গুজৰাট ৰাজ্যিক সমবায় বেংকৰ ‘সমবায় ভৱন’ৰ সৈতে জড়িত প্ৰকল্পসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কেভাদিয়াত ট্ৰমা চেণ্টাৰ আৰু সৌৰ পেনেলৰ সৈতে এখন মহকুমা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে ‘আৰম্ভ ৫.০’ৰ সামৰণিত ৯৮ সংখ্যক কমন ফাউণ্ডেশ্যন পাঠ্যক্ৰমৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰিব । আৰাম্ভৰ পঞ্চম সংস্কৰণত ‘হাৰ্ণেছিং দি পাৱাৰ অফ ডিছৰেপচন’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বৰ্তমান আৰু ভৱিষ্যতক নতুন ৰূপ দিয়া ব্যৱস্থাবোৰক চিহ্নিত কৰি তোলাৰ এক প্ৰয়াস। ইয়াৰ উপৰিও ই শাসন ব্যৱস্থাৰ পৰিসৰৰ ভিতৰত বিঘিনিৰ ক্ষমতাক সৰ্বাংগীন উন্নয়নৰ বাবে ব্যৱহাৰ কৰাৰ বিভিন্ন উপায় দেখুৱাইছে। উল্লেখ্য যে ‘মই নহয় আমি’ শীৰ্ষক ৯৮ সংখ্যক কমন ফাউণ্ডেশ্যন পাঠ্যক্ৰমত ভাৰতৰ ১৬খন অসামৰিক সেৱা আৰু ভূটানৰ তিনিটা অসামৰিক সেৱাৰ ৫৬০ গৰাকী বিষয়া প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
