পাটনা, ২৩ জুলাই (হি.স.)। মুখ্যমন্ত্রী নীতিশ কুমাৰে অহা ২৯ জুলাইত বিহাৰৰ বৈশালী জিলাত বিকশিত বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয়-স্মৃতি স্তুপ উদ্বোধন কৰিব। এই ঐতিহাসিক কীৰ্তিচিহ্ন বিশ্ব বৌদ্ধ সমাজৰ বাবে শ্ৰদ্ধা আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। উদ্বোধনী অনুষ্ঠানত চীন, জাপান, শ্ৰীলংকা, থাইলেণ্ড, নেপাল, তিব্বত, ম্যানমাৰ, ভূটান, ভিয়েটনাম, মালয়েছিয়া, লাওছ, কম্বোডিয়া, মংগোলিয়া, বাংলাদেশ আৰু ইণ্ডোনেছিয়া আদি ১৫খন বৌদ্ধ দেশৰ সন্ন্যাসীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
অট্টালিকা নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিছে এই স্তুপটো। মুঠ ৭২ একৰ মাটিত বিস্তৃত এই ভব্য চৌহদটো ৫৫০.৪৮ কোটি টকা ব্যয়েৰে উন্নয়ন কৰা হৈছে। ঐতিহাসিক পুষ্কৰণী পুখুৰী আৰু বৌদ্ধ স্তুপৰ সমীপত এই স্থান।
১৯৫৮-৬২ চনৰ খননত উদ্ধাৰ হোৱা সংগ্ৰহালয়টোৰ প্ৰথম মহলাত ভগৱান বুদ্ধৰ পবিত্ৰ অস্হি কলহ স্থাপন কৰা হ’ব আৰু ই স্মৃতিসৌধৰ মূল কেন্দ্ৰবিন্দু হ’ব।
সম্পূৰ্ণৰূপে শিলেৰে নিৰ্মিত এই স্তুপটোক টংগ এণ্ড গ্ৰুভ প্ৰযুক্তিৰ জৰিয়তে বংশী পাহাৰপুৰ (ৰাজস্থান)ৰ পৰা অনা ৪২,৩৭৩টা বালিশিলৰ সৈতে সংযুক্ত কৰা হৈছে। এই গঠনটো আধুনিক ভূমিকম্প প্ৰতিৰোধী কৌশলেৰে সজ্জিত। এই চৌহদত ধ্যান কেন্দ্ৰ, পুথিভঁৰাল, দৰ্শনাৰ্থী কেন্দ্ৰ, সংগ্ৰহালয় ব্লক, এম্ফিথিয়েটাৰ, কেফেটেৰিয়া, ৫০০ কিলোৱাট সৌৰশক্তি কেন্দ্ৰ, পাৰ্কিং আৰু অন্যান্য সুবিধাও গঢ়ি তোলা হৈছে।
ওড়িশাৰ শিল্পীসকলে নিৰ্মাণ কৰা ভগৱান বুদ্ধৰ মূৰ্তিটোৱেই হ’ব এই স্থানৰ অনন্য পৰিচয়। এই স্তুপে বৈশালীক বিশ্ব বৌদ্ধ মানচিত্ৰত প্ৰতিষ্ঠা কৰাই নহয়, স্থানীয় পৰ্যটন, সংস্কৃতি আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো এক নতুন দিশ প্ৰদান কৰিব।
বিভাগৰ সম্পাদক কুমাৰ ৰবিয়ে কয় যে বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয়-সমৃতি স্তুপ বিহাৰৰ সাংস্কৃতিক ঐতিহ্য আৰু বিশ্বব্যাপী বৌদ্ধ ঐতিহ্যৰ এক ভৱিষ্যৎ প্ৰতীক। এই স্মৃতিসৌধে বিশ্ব বৌদ্ধ মানচিত্ৰত বৈশালী প্ৰতিষ্ঠা কৰাৰ লগতে পৰ্যটন, সংস্কৃতি আৰু স্থানীয় নিয়োগক এক নতুন দিশ প্ৰদান কৰিব।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
