নতুন দিল্লী, ০৯ ডিছেম্বৰ (হি.স.)। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ জো ছলমনৰ শনিবাৰে ৯৩ বছৰ বয়সত মৃত্যু হয়। ইণ্ডিজ ক্ৰিকেটে টুইট কৰি ছলমনৰ মৃত্যুত গভীৰ দুখ ব্যক্ত কৰে আৰু তেখেতৰ বন্ধু-বান্ধৱী আৰু আপোনজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰে।
ছলমনে কেৰিয়াৰত ১৯৫৮ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত কেৰিবিয়ান দলৰ হৈ ২৭খন টেষ্ট খেলি গড়ে ৩৪ ৰান কৰি ১৩২৬ ৰান সংগ্ৰহ কৰে। অৱশ্যে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা আৰম্ভ কৰি ২৬ বছৰ বয়সত অভিষেক ঘটায় আৰু অতি সোনকালেই দলত নিজৰ স্থান দখল কৰে।
ৱেষ্ট ইণ্ডিজৰ হৈ প্ৰথম তিনিটা ইনিংছত ছলমানে শতক অৰ্জন কৰিছিল (জামাইকাৰ বিৰুদ্ধে ১১৪টা নট আউট, বাৰ্বাডোছৰ বিৰুদ্ধে ১০৮ আৰু ভ্ৰমণকাৰী পাকিস্তানৰ বিৰুদ্ধে ১২১টা)। ইয়াৰ পাছত ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ দলত পোনপটীয়াকৈ স্থান লাভ কৰি দিল্লীত চতুৰ্থখন টেষ্টত অপৰাজিত ১০০ ৰান সংগ্ৰহ কৰে।
১৯৬০ চনত গাব্বাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টাই টেষ্টত অংশগ্ৰহণ কৰা ভূমিকাৰ বাবে তেওঁক বেছিকৈ স্মৰণ কৰা হয়। শেষৰ বেটছমেন লিণ্ডচে ক্লাইনে পৰৱৰ্তী বলটো স্কোৱাৰ লেগৰ ফালে ঠেলি দি একৰাণ চুৰি কৰিবলৈ চেষ্টা কৰে যদিও ছলমনৰ উৎকৃষ্ট থ্ৰ’ৰ ফলত ইয়ান মেকিফক ৰান আউট কৰা হয়, যাৰ ফলত প্ৰথম টেষ্ট টাই হয়।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেই টেষ্টখনত ছলমনে উপযোগী ৰান সংগ্ৰহ কৰিলেও সেই ভ্ৰমণত তেওঁৰ বেটিং মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত (এম চি জি) দ্বিতীয়খন টেষ্টত হোৱা সাধাৰণ বিতৰ্কৰ বাবেই সৰ্বোত্তমভাৱে মনত ৰখা হ’ব যেতিয়া তেওঁ হিট উইকেটত আউট হৈছিল কাৰণ তেওঁৰ টুপীটো ষ্টাম্পত পৰি গৈছিল।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ
