নগাঁও, ০১ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ ধিঙৰ বেছামাৰীত অহা ৬ জানুৱাৰীত নৈশ ফুটবল খেলৰ আয়োজন কৰা হৈছে। জানিব পৰা মতে, বেছামাৰী আঞ্চলিক যুৱ -সংঘৰ উদ্যোগত বেছামাৰী ক্ৰীড়া সন্থাৰ খেলপথাৰত অহা ৬ জানুৱাৰীত নৈশ ফুটবল খেলৰ আয়োজন কৰা হৈছে।
উক্ত নৈশ ফুটবল খেলখনত ৯ এপিবিএন বঢ়হমপুৰ, নিউ ষ্টাৰ ক্লাব সোনাৰীগাঁও, মিলন ক্লাব বেছামাৰী আৰু এন.এম.এফ.চি বালিগাঁও দলে অংশগ্ৰহণ কৰিব বুলি বেছামাৰী আঞ্চলিক যুব সংঘৰ সভাপতি শ্বহিদুল ইছলাম খানে আজি এদল সাংবাদিকক জানিবলৈ দিয়ে। অহা ৬ জানুৱাৰী নিশা অঞ্চলটোৰ সকলো ৰাইজক খেল উপভোগ কৰিবলৈ আহ্বান জনায় বেছামাৰী আঞ্চলিক যুব সংঘৰ সম্পাদক ফকৰুল ইছলাম খানে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
