বাৰাণসী, ১৪ জানুৱাৰী (হি.স.)। নিলম্বিত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি সঞ্জয় সিং ‘বাবলু’ক অচিনাকি ফোন নম্বৰৰ পৰা মৃত্যুৰ ভাবুকি দিয়া হৈছে। এই গোচৰত সঞ্জয় সিঙৰ হৈ ভেলুপুৰ থানাত গোচৰ ৰুজু কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীক দিয়া এজাহাৰ অনুসৰি ভেলুপুৰ থানা এলেকাৰ কবীৰ নগৰ দুৰ্গাকুণ্ডৰ বাসিন্দা সঞ্জয় সিঙে ১২ জানুৱাৰীৰ নিশা ৮.৩০ৰ পৰা ৯ বজাৰ ভিতৰত তেওঁৰ দুয়োটা ফোন নম্বৰত অজ্ঞাত নম্বৰ ৯১২০৩১৬২৩২ৰ পৰা ফোন লাভ কৰে। অজ্ঞাত ফোন নম্বৰ হোৱাৰ বাবে তেওঁ ফোনটো তুলি লোৱা নাছিল। তাৰ পিছত ১৩ জানুৱাৰীত দুপৰীয়া যেতিয়া পুনৰ একে নম্বৰৰ পৰা ফোন আহিল, তেতিয়া তেওঁ কথা পাতে। তেওঁ ফোনটো তুলি লোৱাৰ লগে লগে ফোন কৰাজনে তেঁওক গালি-গালাজ আৰু হত্যাৰ ভাবুকি দিবলৈ ধৰিলে। ইয়াৰ পিছত ভয়ত সঞ্জয় সিঙে ফোনটো বিচ্ছিন্ন কৰি দিয়ে। আকৌ একেটা নম্বৰৰ পৰা ফোন কৰি ফোন কৰাজনে বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিং আৰু সঞ্জয় সিঙক ভাবুকি দিবলৈ ধৰে।
এই বিষয়ত শনিবাৰে সঞ্জয় সিঙৰ হৈ থানাত এজাহাৰ দাখিল কৰা হয়। অভিযোগ পোৱাৰ লগে লগে আৰক্ষীয়ে আই পি চিৰ ৫০৪ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰে। এই বিষয়ৰ তদন্ত দুৰ্গাকুণ্ড আউটপোষ্টৰ প্ৰভাৰী অনুৰাগ মিশ্ৰক দিয়া হয়। আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনোৱা মতে, বিষয়টো গুৰুত্বসহকাৰে লোৱা হৈছে আৰু তদন্ত অব্যাহত আছে। শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব অভিযুক্ত।
হিন্দুস্থান সমাচাৰ/শ্ৰীধৰ/মনোজ
