কোকৰাঝাৰ, ০৯ ডিছেম্বৰ (হি স)। কোকৰাঝাৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন লোক ৷ কোকৰাঝাৰ জিলাৰ মহেন্দ্ৰপুৰৰ গংগিয়া গাঁৱত হাতীৰ আক্ৰমণত বিনোদ বসুমতাৰী নামৰ এজন খেতিয়ক আহত হয় ৷ পথাৰত গৰু আনিবলৈ যাওঁতে বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখিন হয় বিনোদ বসুমতাৰী ৷
বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিনোদ বসুমতাৰী সম্প্ৰতি কোকৰাঝাৰ আৰ এন বি অসামৰিক হস্পিতালত চিকিৎসাধীন হৈ আছে ৷ উল্লেখ্য যে, যোৱা ৩ ডিছেম্বৰৰ দিনাও বনৰীয়া হাতীৰ আক্ৰমণত কোকৰাঝাৰ জিলাৰ ভাৰত – ভূটান সীমান্তৰ শালবাৰীত ইমানুৱেল হাসদা নামৰ এটি পাঁচ বছৰীয়া শিশুৰ কৰুণ মৃত্যু ঘটিছিল ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
