বাক্সা, ০৯ ডিছেম্বৰ (হি স)। বাক্সা জিলাৰ চৰ্ণা গাঁৱত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। গৃহস্থ নথকাৰ সুযোগতে চোৰে লুটি নিলে প্ৰায় তিনি লক্ষাধিক টকাৰ সোণৰ আ -অলংকাৰ।
লগতে চোৰে লণ্ড-ভণ্ড কৰিলে কেইবাটাও আলমাৰী। ইয়াৰ উপৰি চিচিটিভিৰ ডিভিআৰ খুলি লৈ যায়। টিবিআই ইটা উদ্যোগৰ স্বত্বাধিকাৰী মুনিন দাসৰ ঘৰত এই চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। ইফালে পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বাক্সাৰ শিমলা আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
