
বাক্সা, ৩১ ডিছেম্বৰ (হি.স.): বাক্সাৰ শালবাৰীৰ চূণবাৰীত সপ্তম শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰীয়ে বিহপান কৰাৰ ঘটনা সংঘটিত কৰৰা পাছত চিকিৎসাধীন অৱস্থাত তৃতীয় গৰাকী ছাত্ৰীৰো মৃত্যু হৈছে ৷ গুৱাহাটীৰ আয়ুচন্দ্ৰা হস্পিতালত যোৱাকালি শনিবাৰে সন্ধিয়া ৫ বাজি ৪০ মিনিটত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ছাফিয়া ইয়াছমিন (১৩) নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ ৷ তিনি গৰাকী ছাত্ৰীৰ ভিতৰত যোৱা ১৩ ডিছেম্বৰত মৃত্যু হৈছিল মীনা ৰবিদাস(১৩) নামৰ ছাত্ৰী গৰাকীৰ ৷
ইফালে ২৫ ডিছেম্বৰত গুৱাহাটীৰ এপ’লো হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল নাছিমা পাৰবিন নামৰ আন এগৰাকী ছাত্ৰীৰ ৷ কালি মৃত্যু হয় ছাফিয়া ইয়াছমিন নামৰ চিকিৎসাধীন অৱস্থাত থকা তৃতীয় গৰাকী ছাত্ৰীৰ ৷ উল্লেখ্য, বাক্সাৰ শালবাৰীৰ চূণবাৰী প্ৰগতি জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ তিনি ছাত্ৰীয়ে যোৱা ৮ ডিছেম্বৰত বিদ্যালয়ৰ বোৰ্ডত আপত্তিজনক শব্দ লিখি ৯ ডিছেম্বৰত বিদ্যালয় কৰ্তৃপক্ষৰ মানসিক হাৰাশাস্তিৰ বলি হৈ সিদনাই বিদ্যালয় ছুটিৰ পিছত বীজ ভাণ্ডাৰ দোকানৰ পৰা কীটনাশক দ্ৰব্য ক্ৰয় কৰি সেয়া চাওমিনৰ সৈতে মিহলাই খাই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লৈছিল ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত বাক্সাৰ বাঁহবাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৫, ৩০৪, এ ২৮৫ ধাৰাৰ অধীনত ১৮৬/২০২৩ নম্বৰ (186/2023 U/S 305 /304 A/ 285 IPC)ত গোচৰ ৰুজু কৰি বীজ ভাণ্ডাৰৰ স্বত্বাধিকাৰী মিঞাচান আলীক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ ইফালে চূণবাৰী প্ৰগতি জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক আজাহাৰ উদ্দিন আহমেদে ছাত্রী তিনিগৰাকীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ নস্যাৎ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
