লখিমপুৰ জিলা আয়ুক্তক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
লখিমপুৰ, ১২ ডিচেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ পৰা শিক্ষাৰ্থীক প্ৰদান কৰা চাইকেল বিতৰণৰ নামতো একাংশ বিদ্যালয়ে শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰিছে ধন। চৰকাৰী চাইকেল বিতৰণৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উঠিছে লখিমপুৰৰ লালুকৰ যুৱনগৰ উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। অভিযোগ অনুসৰি বিদ্যালয় খনৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰদান কৰা চাইকেল বিতৰণৰ নামত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰা হৈছে ৮০ টকাকৈ।
এই অভিযোগ খোদ মুখ্যমন্ত্ৰীয়ে লাভ কৰাত লখিমপুৰ জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে লখিমপুৰ জিলাৰ এগৰাকী অতিৰিক্ত আয়ুক্তই যুৱনগৰ হাইস্কুলত উপস্থিত হৈ তদন্ত কৰে। বিহপুৰীয়া খণ্ড শিক্ষা বিষয়ায়ো বিষয়টো তদন্ত কৰি অভিযোগৰ সত্যাসত্যতা লাভ কৰে। ইফালে ছাত্ৰ-ছাত্ৰীৰ পৰা ৮০ টকাকৈ লোৱা কথাটো স্বীকাৰ কৰিছে বিদ্যালয় খনৰ প্ৰধান শিক্ষক চক্ৰেশ্বৰ বৰাই। ছাত্ৰ-ছাত্ৰীৰ পৰা লোৱা ধন ঘূৰাই দিয়াৰ কথা প্ৰকাশ কৰিছে প্ৰধান শিক্ষকজনে। উল্লেখ্য যে, কংগ্ৰেছী বিধায়ক ভৰত নৰহ বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি। বিধায়কজনে বিদ্যালয়খনত সংঘটিত হৈ থকা এনে অনিয়মক দেখিও নেদেখাৰ ভাও ধৰাৰ অভিযোগ উঠিছে।
বিধায়ক জনে একাংশ সাংগো-পাংগোক বিদ্যালয় পৰিচালনাৰ দায়িত্ব দি বিদ্যালয়খনৰ খবৰ নৰখাত ক্ষুন্ন হৈ পৰিছে স্থানীয় লোক আৰু দল-সংগঠন। বিনামূলীয়া চাইকেল বিতৰণৰ নামত যুৱনগৰ হাইস্কুলত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা ঘটনাৰ উচিত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অঞ্চলবাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
