নতুন দিল্লী, ৩১ ডিছেম্বৰ (হি.স.)। আজি উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। তাত তিনিটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিজেপিয়ে তেওঁৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে তেওঁৰ কাৰ্যসূচী।
বিজেপিৰ এক্স হেণ্ডেল অনুসৰি নড্ডাই পুৱা ১১ বজাত ট্ৰেন্সপ’ৰ্ট নগৰত অৱস্থিত হোটেল হলিডে ইনত শ্ৰমিকৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কি বাত’ কাৰ্যসূচী শুনিব। ইয়াৰ ৪৫ মিনিটৰ পাছত ডুবাগা চাৰিআলিত মহিলাৰ হাফ মাৰাথন দৌৰৰ সাক্ষী হ’ব। শেষত দুপৰীয়া ২:১০ বজাত বুদ্ধেশ্বৰ মন্দিৰৰ সমীপৰ মা কৃপা লনত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
