
বিশ্বনাথ। ২৫ ডিচেম্বৰ (হি.স.): বিশ্বনাথৰ সাধাৰুত যোৱা কালি বুধবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী বাহনৰ খুণ্ডাত নিহত হয় এজন লোক।
জানিব পৰামতে এএছ ০৭ জেড ৫১১০ নম্বৰৰ স্কৰপিঅ’ বাহনৰ খুন্দাত থিতাতে নিহত হয় মটৰ চাইকেল অৰোহী লোকজন। নিহত লোকজন মাজুলীগড় চাহ বাগিচাৰ হেড কেৰানী তথা চাহ কৰ্মচাৰী সংঘৰ নদোৱাৰ শাখাৰ বিত্ত সম্পাদক আৰু মাজুলীগৰ প্ৰাথমিক গোটৰ সম্পাদক পাভৈৰ নিবাসী যুগেন বৰকটকী বুলি পৰিচয় পোৱা গৈছে । বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হোৱা দুয়োখন বাহন জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। মন কৰিবলগীয়া যে দুৰ্ঘটনা সংঘটিত কৰা স্কৰপিঅ’ বাহনখনত অসম বিধান সভাৰ পাছ লগোৱা আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
