গুৱাহাটী, ০৫ ডিছেম্বৰ(হি.স.)। ৰাজ্য কঁপাই যোৱা অসম লোকসেৱা আয়োগত সংঘটিত ৰাকেশ পাল বাহিনীৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰীত জৰিত থকাৰ অভিযোগত পুনৰ ৰাজ্য প্ৰশাসনৰ ৩ ৰাজপত্ৰিত বিষয়ালৈ বিশেষ অনুসন্ধানকাৰী দল (এছআইটি)–এ জাননী প্ৰেৰণ কৰিছে। এপিএছ অসীমা কলিতা, ফাৰুক আহমেদ আৰু দিপাংকৰ দত্ত লহকৰলৈ জাননী জাৰি কৰা হৈছে। আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এক বিশেষ সূত্ৰৰ পৰা এই বিষয়ে জানিব পৰা গৈছে। ৭ ডিছেম্বৰত এছআইটিৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে তিনিওগৰাকী বিষয়ালৈ। ইতিমধ্যে নিলম্বিত হৈছে ফাৰুক আহমেদ আৰু দিপাংকৰ দত্ত লহকৰ। বৰ্তমানলৈ নিলম্বন হোৱা নাই অসীমা কলিতা। নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ কন্যা অসীমা।
শেহতীয়া ভাবে এপিএছচি কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা ৪ জনলৈ বৃদ্ধি হৈছে। সোমবাৰে সুকন্যা দাসক গ্ৰেপ্তাৰ কৰা হয়। আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে সুকন্যাক। পাণবজাৰ থানাত নিশা সুকন্যা দাসক মাৰাথন জেৰা কৰা হয়। সোমবাৰে জেৰাৰ সন্মুখীন হৈছিল নৱনীতা শৰ্মা আৰু কল্যাণ কুমাৰ দাসো। নৱনীতা শৰ্মা আৰু কল্যাণ কুমাৰ দাসকো গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। ইতিমধ্যে নিলম্বিত হৈছে কল্যাণ কুমাৰ দাস। নৱনীতা শৰ্মা বৰ্তমানও নিলম্বিত হোৱা নাই।
হিন্দুস্থান সমাচাৰ/ৰমেন/মনোজ
