নতুন দিল্লী, ৩১ ডিছেম্বৰ (হি.স.)। আজি উত্তৰ প্ৰদেশৰ বৃন্দাবন ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে। তাত তেওঁ সাধ্বী ঋতাম্ভৰাৰ বাৎসল্য গ্ৰাম পৰিদৰ্শন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ কাৰ্যসূচী বিজেপিৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে।
বিজেপিৰ এক্স হেণ্ডেল অনুসৰি, কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ বৃন্দাবনত আয়োজিত ‘তিনিদিনীয়া ষষ্ঠীপুৰ্তি মহোৎসৱ-পৰম পূজ্য দিদি মা সাধ্বী ঋতাম্ভৰা জী’ কাৰ্যসূচীত সম্বোধন কৰিব। দুপৰীয়া ১ বজাত বৎসল্য গ্ৰামত আয়োজিত এই কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
