ধুবুৰী, ২৪ জুলাই (হি.স.)। মিত্ৰদল বিজেপিৰ বিৰূদ্ধে সৰৱ হ’ল অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ। আজি অগপৰ ধুবুৰী স্থিত জিলা কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি যুৱ পৰিষদৰ ধুবুৰী জিলাৰ সভাপতি সঞ্জয় বিশ্বাসে ।যোৱাকালি ধুবুৰীৰ গোলকগঞ্জ সম-জিলাত প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ নেতৃত্বত বিজেপি কৰ্মীয়ে অগপৰ কৰ্মী সকলক মাৰপিট কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে।
যোৱাকালিৰ সেই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক যোৱাকালিৰ ঘটনাটোৰ তদন্ত কৰাৰ বাবে অনুৰোধ জনায় তেওঁ। লগতে দোষী সকলোকে কৰায়ত্ত কৰাৰো দাবী জনায় যুৱ পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
