
গোলাঘাট, ২১ অক্টোবৰ (হি.স.): দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাট জিলাৰ ৰঙাজানৰ বজাৰত যোৱা কালি সোমবাৰে সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডত প্ৰায় ৮ ৰ পৰা ১০ খন দোকান গৃহ জ্বলি ভষ্মীভূত হয় । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক বিজুতিৰ ফলত জ্বলিছে বুলি সন্দেহ কৰিছে। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী জাহ গৈছে। পিছত ঘটনাস্হলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰাত ব্য়স্ত হৈ পৰে।
উল্লেখ্য় যে দীপাৱলীৰ নিশা ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰাণীগঞ্জৰ সোণালুগুৰী গাঁৱত যোৱা কালি সোমবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। একেদৰে ধুবুৰী বজাৰৰ হকাৰ মৰ্কেটত সংঘটিত হয় আন এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
