কামৰূপ, ২১ অক্টোবৰ। ৰঙিয়া সমষ্টিৰ বিহাপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ আহিছে । ঘটনা সন্দৰ্ভত ভুক্তভোগী নকুল ঘোষে তিনিজন লোকৰ ওপৰত কাউৰবাহা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।
এজাহাৰত উল্লেখ কৰা লোক কেইজন হৈছে মহিদুল ইছলাম , আব্দুল কৰিম আৰু চাজাহান আলী । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ভুক্তভোগী নকুল ঘোষক লগত লৈ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত খন্দিকৰ ভিচিডিচিৰ আবাস গৃহৰ ধন আত্মসাৎ কৰা লোককেইজনৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে । লগতে সভাপতি গৰাকীয়ে কয় যে বিটিআৰত প্ৰমোদ বড়োৰ চৰকাৰ থকাৰ পিছত ভিচিডিচিৰ লোককেইজনৰ এনে দুৰ্নীতি কোনোপধ্যেই সহ্য কৰা নহব বুলি কয়। আনৰ গৃহৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰিবলৈ দিয়া নহব বুলি অভিযুক্ত সকলক সকীয়াই দিয়ে । এই ক্ষেত্ৰত কাউৰবাহা আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব ।
