কামৰূপ, ০৭ আগষ্ট (হি.স.): হাজোৰ দমদমাত যোৱা কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাৰিখনকৈ চুৰি গৰু সৰবৰাহ কৰা বাহনক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ।
বৰপেটাৰ বাঘবৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত হাজোৰ দমদমাত ধৰা পৰে বাহনকেইখন। হিন্দু জাগৰণ অসম, উত্তৰ কামৰূপ জিলাৰ সদস্য সকলে হাজো আৰক্ষীৰ সহযোগত হাতেলোটে ধৰিবলৈ সক্ষম হয় আটাইকেইখন বাহন।বাহনকেইখনৰ পৰা ইতিমধ্যে উদ্ধাৰ হৈছে প্ৰায় ৫০ টাকৈ গৰু। জব্দ হোৱা বাহনকেইখনৰ নম্বৰ ক্ৰমে এএছ ০১ টিচি ০৩১১, এএছ ০১ টিচি ২৪৯৩, এএছ ০১ এছচি ৬০০৯ আৰু এএছ ০১ কিউচি ৬৪০২ বুলি জনা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
