নতুন দিল্লী, ২৪ জুলাই (হি.স.)। দিল্লী উচ্চ ন্যায়ালয়ত আৰু তিনিজন নতুন ন্যায়াধীশে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ে বিনোদ কুমাৰ, শৈল জৈন আৰু মধু জৈনক ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰোৱায়।
এই তিনিগৰাকী ন্যায়াধীশক যোৱা ২২ জুলাইত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। উচ্চ ন্যায়ালয়ত এই তিনিজন ন্যায়াধীশক নিযুক্তি দিয়াৰ লগে লগে মুঠ ন্যায়াধীশৰ সংখ্যা ৪৩জনলৈ বৃদ্ধি পাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
